সাৰ প্ৰয়োগৰ ওপৰত এখনি সজাগতা সভা ২২ অক্টোবৰ ২০১৯

বৰপেটা জিলাৰ হাউলীস্হিত কৃষি বিজ্ঞান কেন্দ্ৰত যোৱা ২২ অক্টোবৰ ২০১৯ তাৰিখে সাৰ প্ৰয়োগৰ ওপৰত এখনি সজাগতা সভাৰ অনুস্হিত কৰা হয়। অনুস্হানত মহকুমা কৃষি বিষয়া পৰিক্ষিত বায়ন, ইফকোৰ ক্ষেত্ৰ বিষয়া বিনোদ শইকীয়া, কৃষক তথা বৰপেটা নাৰ্ছাৰীৰ সত্বাধিকাৰী চাহাদত হুছেইনৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী, কৰ্মচাৰীৰ লগতে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুই শতাধিক কৃষক উপস্হিত থাকে।

কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্যবিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনে আতঁ ধৰা সভাত কৃষি সম্প্ৰসাৰণ বিশেষজ্ঞ ডঃ চিত্তৰন্জন ডেকাই আদৰণি ভাষণ আগবঢ়ায়। ডেকাই ভাষণত সাৰৰ সমতুল্য ব্যৱহাৰৰ কথা উল্লেশ কৰে। সভাত মুখ্য অতিথি মহকুমা কৃষি বিষয়া পৰিক্ষিত বায়নে জৈবিক সাৰৰ উপযোগিতাৰ ওপৰত আলোকপাত কৰে। তাৰপিছতে ইফকোৰ ক্ষেত্ৰ বিষয়া বিনোদ শইকীয়াই সাৰ প্ৰয়োগৰ পদ্ধতি আৰু নতুন নতুন সাৰৰ গাঁঠনি বিলাকৰ ওপৰত বিস্তৃত বিবৰণ দাঙি ধৰে।

নাৰ্ছাৰীৰ স্বত্ত্বাধিকাৰী চাহাদত হুছেইনে ৰাসায়নিক সাৰৰ লগতে জৈবিক সাৰ – গোৱৰ, পচনসাৰৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিবলৈ কৃষক সকলক আহ্বান জনায়। ভূমি বিজ্ঞান বিশেষজ্ঞা চবিনা আহমেদে ভূমি স্বাস্হ্য কাৰ্ডৰ ব্যৱহাৰৰ ওপৰত ভাষণ দাঙি ধৰে। অনুস্ঠানত নতুন দিল্লীৰ পৰা কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ উপস্হিত কৃষকৰ আগত প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানৰ শেষত শস্যবিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনে অতিমাত্ৰা সাৰ প্ৰয়োগ আৰু ইয়াৰ পৰা হব পৰা মাটি তথা পৰিবেশ প্ৰদুষণৰ ওপৰত ব্যখ্যা দাঙি ধৰে।

অনুস্ঠানত “মাটিইৰ পৰিচৰ্যা আৰু উদ্ভিদৰ খাদ্যমৌল” শীৰ্ষক এখনি পুষ্তিকা উন্মোচন কৰা হয়।

Related posts

Leave a Comment