ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আচনিৰ লগতে গৰুৰ কৃত্ৰিম প্ৰজনন আঁচনিৰ শুভাৰম্ভ

ভাৰত চৰকাৰৰ মৎস, পশুধন আৰু দুগ্ধ মন্ট্ৰালয় আৰু পশুধন আৰু দুগ্ধ বিভাগৰ আহ্বানত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ উদ্যোগত ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আচনিৰ লগতে গৰুৰ কৃত্ৰিম প্ৰজনন আঁচনিৰ উত্তৰ প্ৰদেশৰ মথুৰাত ১১-০৯-২০১৯ তাৰিখে প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰে। এই অনুষ্টানৰ লগত সংগতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাত আয়োজিত সভাত প্ৰায় ১০০ জন গোপালকে অংশ গ্ৰহন কৰে।

উক্ত অনুষ্ঠানত মুখ্য অতিথিতি হিচাপে অংশগ্ৰহণ কৰে বৰপেটা জিলাৰ উপায়ুক্ত মাননীয় শ্ৰীযুত মুনীন্দ্ৰ শৰ্মাদেৱে। তদুপৰি বৰপেটা জিলা কৃষি বিষয়া  শ্ৰীযুত কৃষ্ণ পাঠক , জিলা পশু চিকিৎসা বিষয়া শ্ৰীযুত মনোৰন্জন দাসকে আদি কৰি পশুপালন আৰু মীন বিভাগ, বৰপেটাৰ কেৱাজনো বিষয়া উপস্হিত থাকে।

কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ মুখ্য বিজ্ঞানী তথা মুৰব্বী ডঃ অৰূপ কুমাৰ ডেকাই আঁত ধৰা অনুস্হানত উপায়ুক্ত শ্ৰীযুত মুনীন্দ্ৰ শৰ্মা ডাঙৰীয়াই বন্তি প্ৰজ্বলনেৰে অনুস্হানৰ শুভাৰম্ভ কৰে।

অনুস্হানত প্ৰায় ১০০ জন কৃষক আৰু পশুধন পালকে দেশৰ প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই মথুৰাত শুভাৰম্ভ কৰা ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আচনিৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰে।

অনুস্হানৰ শেষত বৰপেটা জিলাৰ উপায়ুক্ত মাননীয় শ্ৰীযুত মুনীন্দ্ৰ শৰ্মা ডাঙৰীয়াই কৃষক তথা পশুপালক সকলক উদ্দেশি ভাষণ আগবঢ়ায়। বিশেষকৈ এই আঁচনিৰ জৰিয়তে কৃষকসকল কেনেদৰে লাভবান্বিত হব সেই বিষয়ে ব্যাখ্যা দাঙি ধৰে।

অনুস্হানত জিলা পশুপালন বিষয়া ডঃ মনোৰন্জন দাসে গোপালক সকলক উক্ত আচনিৰ সুফল লাভ কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিবলৈ আহ্বান জনাই। সভাত জিলা কৃষি বিষয়া শ্ৰী কৃষ্ণ পাঠকে প্ৰধানমন্ত্ৰী কিষান মান-ধন যোজনা, প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি  আদি আঁচনিৰ বিষয়ে বিদশ ভাবে আলোচনা কৰে আৰু কৃষক সকলক সহযোগ কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছতে অনুস্তিত হোৱা কৰ্মশালাত ডঃ প্ৰবীন দাস আৰু ডঃ ধ্ৰুবজ্যোতি কলিতাই সমল ব্যক্তি হিচাপে অংস গ্ৰহন কৰি পশুৰ ৰোগ আৰু কৃত্ৰিম প্ৰজনন সম্পৰ্কে আলোকপাত কৰে।

ইয়াৰ পুৰ্বে ৰাতিপুৱাৰ ভাগত বৰপেটাৰ নগৰজাৰত অনুস্হিত পশু স্বাস্হ্য শিবিৰত প্ৰায় ১৫০ টা পশুধনৰ চিটাকৰণ আৰু ১৬ টা কৃত্ৰিম প্ৰজনন সম্পন্ন কৰা হয়।

শেষত ৰাষ্ট্ৰীয় সংগীতেৰে অনুস্হানৰ সামৰনি মৰা হয়।

Related posts

Leave a Comment