নাৰিকল উন্নয়ন বোৰ্ডৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাত এদিনীয়া প্ৰশিক্ষণ

বৰপেটা জিলাৰ হাউলীষ্ঠিত কৃষি বিজ্ঞান কেন্দ্ৰত নাৰিকল উন্নয়ন বোৰ্ড, গুৱাহাটীৰ উদ্যোগত এদিনীয়া খণ্ড ভিত্তিক কৃষকৰ সজাগতা তথা বৈজ্ঞানিক ভিত্তিত নাৰিকল খেতিৰ প্ৰযুক্তিৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা শিক্ষা প্ৰশিক্ষন প্ৰতিষ্ঠান (DIET) ৰ অধ্যক্ষ ড° কুলৰঞ্জন ডেকাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড° অৰূপ কুমাৰ ডেকা, নাৰিকল উন্নয়ন বোৰ্ডৰ বিষয়া, নাৰিকল উৎপাদনকাৰী সন্থাৰ সদস্যসকলৰ লগতে বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা পঞ্চাশতকৈ ও অধিক নাৰিকল খেতিয়ক। কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ উদ্যানশস্য বিশেষজ্ঞা শ্ৰী লিপিকা নাথে আঁত ধৰা উক্ত অনুষ্ঠানৰ ভাষণত কেন্দ্ৰৰ বিজ্ঞানী ড° অৰূপ কুমাৰ ডেকাই বৈজ্ঞানিক ভিত্তিক নাৰিকল খেতিৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰে। ইফালে ডায়েটৰ অধ্যক্ষ ড° কুলৰঞ্জন ডেকাই মুখ্য অতিথিৰ ভাষণত কৃষকসকলক নাৰিকল খেতিৰ বিভিন্ন উপকাৰিতা লগতে নাৰিকল খেতিৰে স্বাৱলম্বী হবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত কৃষক ৰাইজৰ আগ্ৰহ অতিশয় জৰুৰী বুলিও তেখেতে মত প্ৰকাশ কৰে। কাৰিকৰী শিতানৰ আৰম্ভণিতে নাৰিকল উন্নয়ন বোৰ্ডৰ উদ্যানশস্য সহায়ক শ্ৰী মৃদুল তালুকদাৰে বোৰ্ডৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে কৃষকসকলক অৱগত কৰে। অনুষ্ঠানত কৃষি বিভাগৰ পৰা অহা কৃষি উন্নয়ন বিষয়া শ্ৰী হৃদয় কমল দাসে সমল ব্যক্তি হিচাপে যোগদান কৰি নাৰিকলৰ বেমাৰ-আজাৰ, পোক পতংগ আদিৰ ওপৰত পাঠদান কৰে। সমল ব্যক্তি কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিশেষজ্ঞা শ্ৰী লিপিকা নাথে বৈজ্ঞানিক ভিত্তিত নাৰিকল খেতি বিষয়ক পাঠদান আগবঢ়ায়। তাৰ পিছতে নাৰিকল উন্নয়ন বোৰ্ডৰ পৰা অহা সমল ব্যক্তি শ্ৰী পঞ্চী ৰাজখোৱাই নাৰিকলৰ  সংসাধন আৰু মূল্য সংযোজন বিষয়ত পাঠদান কৰে। অনুষ্ঠানৰ শেষত কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত নাৰিকল পুলি ৰোপন আৰু ফললগা নাৰিকল গছত সাৰ প্ৰয়োগ পদ্ধতি প্ৰদৰ্শন কৰি দেখুওৱা হয়।

Related posts

Leave a Comment