নাৰিকল উন্নয়ন বোৰ্ডৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাত নাৰিকল পুলি বিতৰণ

বৰপেটা জিলাৰ হাউলিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত নাৰিকল উন্নয়ন বোৰ্ড, গুৱাহাটীৰ উদ্যোগত মুঠ ৮২২২ টা ওখ জাতৰ নাৰিকলৰ পুলি বিতৰণ কৰা হয় । বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ লগতে কৃষক ৰ আয় দুগুণীকৰণ আচনিৰ অন্তৰ্গত কুছিয়াঝাৰ গাঁৱৰ মুঠ তিৰানব্বৈ টা কৃষক পৰিয়ালক প্ৰতিটোকে দহটাকৈ মুঠ নশ ত্ৰিশ জোপা পুলি বিতৰণ কৰা হয় । এই উপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাত অনুস্থিত সভাত কেন্দ্ৰৰ বিজ্ঞানীসকলৰ লগতে    নাৰিকল উন্নয়ন বোৰ্ডৰ প্ৰতিনিধিও  উপস্থিত থাকে । কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিশেষজ্ঞা শ্ৰী লিপিকা নাথে আ্ঁত ধৰা উক্ত অনুষ্ঠানত আদৰণি ভাষণ দিয়ে কেন্দ্ৰৰ কৃষি সম্প্ৰসাৰণ বিশেষজ্ঞ ডঃ চিত্তৰঞ্জন ডেকাই । ডঃ ডেকাই নাৰিকল উন্নয়ন বোৰ্ডৰ এই পদক্ষেপত শলাগ লয়। অনুষ্ঠানত নাৰিকল উন্নয়ন বোৰ্ডৰ উদ্যান শস্য সহায়ক শ্ৰী মৃদুল তালুকদাৰে নাৰিকল পুলিৰ ৰাজসাহায্যৰ বিষয়ে আলোচনা কৰে । কাৰিকৰী শিতানত সমল ব্যক্তি উদ্যান শস্য

বিশেষজ্ঞা লিপিকা নাথে বিজ্ঞান সন্মতভাৱে নাৰিকল পুলি ৰোপনৰ বিভিন্ন দিশসমূহ সামৰি পাঠদান কৰে ।লগতে বোৰ্ডে আগবঢ়োৱা নাৰিকল পুলিৰ উপযুক্ত যতন কৰি কৃষক সকলক লাভবান্বিত হবলৈ আহ্বান জনায়।পুলি বিতৰণ অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ ভূমি বিজ্ঞান বিশেষজ্ঞা চবিনা আহমেদ আৰু সামুহিক বিজ্ঞান বিশেষজ্ঞা ডঃ স্বপ্না চৌধুৰীয়ে ও অংশগ্ৰহণ কৰে।

Related posts

Leave a Comment