বৰপেটাৰ হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত দলিচা প্ৰস্ততকৰণৰ প্ৰশি‌ক্ষণ

বৰপেটাৰ হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত সামুহিক বিজ্ঞান বিভাগৰ উদ্যোগত যোৱা ১০ ছেপ্তেম্বৰত দিনৰ ১০.০০ বজাত বন্তি প্ৰজ্বলনেৰে প্ৰশিক্ষণৰ কৰ্মশালা শুভাৰম্ভ কৰে বৰপেটাৰ জিলা উন্নয়ন আয়ুক্ত ড৹ বাবুল চহৰীয়াই । ভাষণ প্ৰসংগত ড° চহৰীয়াই জনায় যে সমগ্ৰ বৰপেটা জিলাতে দলিচা প্ৰস্তুতকৰণ প্ৰশিক্ষণৰ এয়া হৈছে প্ৰথম প্ৰয়াস আৰু ইয়াৰ যোগেদি বিশেষকৈ মহিলাসকল ব্যৱসায়িক দিশত যথেষ্ট পৰিমাণে লাভাম্বিত হ’ব পাৰিব । তেওঁ লগতে এই বুলিও কয় যে মহিলা আত্ম সহায়ক গোট বিলাকে জিলা উদ্যোগ কেন্দ্ৰৰ যোগেদি ঋণৰ ব্যৱস্থা কৰি যদি দলিচা নিৰ্মাণ কৰে, তেতিয়াহ’লে তেওঁলোকে অতি কম মূলধন খৰছ কৰি স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি যাব পাৰিব । বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী তথা মূৰব্বী ড° অৰূপ কুমাৰ ডেকাই, তেওঁৰ ভাষণত জনায় যে কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাই বিভিন্ন বিষয়ত সময়ে সময়ে বিভিন্ন ধৰণৰ বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে আৰু তাৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকল উপকৃত হৈ আহিছে । দলিচা প্ৰস্তুতকৰণ প্ৰশিক্ষণৰ জৰিয়তে কম খৰচত উন্নত ডিজাইন আৰু গুণগত মানবিশিষ্ট দলিচা তৈয়াৰ কৰি তাক বজাৰত উলিয়াই দি মহিলাসকল আৰ্থিক ভাৱে সবল হ’ব পাৰিব বুলি আশা প্ৰকাশ কৰে । কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞা ড° স্বপ্না চৌধুৰীৰ তত্বাৱধানত আৰু প্ৰশিক্ষক আবু শ্বামা শ্বেখৰ সহযোগত জিলাৰ ২০গৰাকী প্ৰশিক্ষাৰ্থীক, কেনেকৈ কম মূলধনেৰে দলিচা তৈয়াৰ কৰিব পাৰি, সেই বিষয়ে যথাযথভাৱে প্ৰশিক্ষণ দিয়া হয় । যোৱা ১৪ ছেপ্তেম্বৰত অনুষ্ঠিত সামৰণি অনুষ্ঠানত বৰপেটাৰ ৰেচম বিভাগৰ পাম পৰিচালক অলকেশ মল্ল বৰুৱাৰ উপস্থিতিত প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা হয় ।

Related posts

Leave a Comment