হাউলীৰ কৃষি বিজ্ঞান কেন্দ্ৰত পৰিপুষ্টি বাগিচা অভিযান

হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু ইফকোৰ সহযোগত পৰিপুষ্টি বাগিচা অভিযান আৰু বৃক্ষৰোপণ কাৰ্যসূচী যোৱা ১৭ ছেপ্টেম্বৰত হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত উদ্যান শস্যৰ বিশেষজ্ঞ লিপিকা নাথৰ পৰিচালনাত অনুষ্ঠিত হয়। কাৰ্যসূচীত শস্য বিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনে কৃষিজাত সামগ্ৰীসমূহ খোৱাৰ ফলত কেনে ধৰণৰ পুষ্টি, জিংক, আইৰণ আদি লাভ কৰিব পৰা যায় তাৰ ওপৰত বক্তব্য আগবঢ়ায়। অভিযানত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, জিলা সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা, জ্যেষ্ঠ বিজ্ঞানী তথা বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড০ অৰূপ কুমাৰ ডেকা আদিয়ে উপস্থিত থাকি গৰ্ভৱতী মাতৃ, প্ৰসূতি, নৱজাতক শিশু আদিৰ কেনে ধৰণৰ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিলে সু-স্বাস্থ্যৱান হৈ থাকিব পৰা যায় তাৰ ওপৰত পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। ইয়াৰ পূৰ্বে পৰিপুষ্টি বাগিচা অভিযান আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন আৰু জিলা সহকাৰী আয়ুক্ত দীপাংকৰ কলিতাই। উক্ত উপস্থিত থাকে। উল্লেখ্য যে অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিক কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা বিভিন্ন শাক-পাচলিৰ বীজ বিতৰণ কৰে। বিতৰণ কৰা বীজসমূহ ঘৰতে জৈৱিকভাৱে ৰোপণ কৰিবলৈ কেন্দ্ৰৰ মুৰব্বী ড০ অৰূপ কুমাৰ ডেকাই ৰাইজক আহ্বান জনায়।

Related posts

Leave a Comment