হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা বীজগাঁও কাৰ্য্যসূচী মুকলি

বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অলপতে জিলাখনৰ দুখন গাওঁ ক্ৰমে বৰবিলা আৰু কুচিয়াঝাৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভাৱিত বানপানী সহনশীল শালিধান “ৰঞ্জিৎ চাব -১” জাতৰ বীজ কৃষক ৰাইজৰ মাজত আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয়। এই উপলক্ষে যোৱা ৮ জুনত বৰবিলা গাঁওত অনুষ্ঠিত বীজ বিতৰণী অনুষ্ঠানৰ উদ্বোধনী সভাত  মুখ্য অতিথি হিচাবে উপস্থিত থাকি জিলা উপায়ুক্ত  মুনীন্দ্ৰ শৰ্মাই কয় যে প্ৰতি বছৰে বানপানীয়ে বৰপেটা জিলাৰ এক বুজন অংশ একাধিক বাৰ বুৰাই পেলোৱা বাবে বিশেষকৈ শালিধানৰ বিস্তৰ ক্ষতি সাধন হয় আৰু কৃষক সকলে মূৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। শেহতীয়া ভাৱে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰচেষ্টাত উদ্ভাৱিত এই ৰঞ্জিৎ চাব-১জাতৰ ধানে এক নতুন আশাৰ ৰেঙনি আনিবলৈ সক্ষম হৈছে, যিহেতু ই দুসপ্তাহ পৰ্য্যন্ত পানীৰ তলত থাকিলেও পুনৰ ঠন ধৰি উঠি আশানুৰূপ উৎপাদন দিব পাৰে। উপায়ুক্ত গৰাকীয়ে আশা প্ৰকাশ কৰে যে অদূৰ ভৱিষ্যতে হয়তো বিশ্ববিদ্যালয়খনে ইয়াতকৈও দীৰ্ঘকালীন সময়লৈ পানীৰ ভৰ সহিব পৰা ধানৰ জাত উদ্ভাৱন কৰি কৃষকক অধিক সকাহ দিবলৈ সক্ষম হ’ব। এইধৰণৰ পদক্ষেপ হাতত লৈ খেতিয়ক সকলৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ বাবে  আগবাঢ়ি অহা বাবে উপায়ুক্ত গৰাকীয়ে কৃষি বিজ্ঞান কেন্দ্ৰৰ শলাগ লয় ।

অনুষ্ঠানৰ আৰম্ভনিতে বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড° অৰূপ কুমাৰ ডেকাই তেওঁৰ অাদৰণি ভাষণত কয় যে বীজগাঁও কাৰ্য্যক্ৰমৰ জৰিয়তে প্ৰায় ২৭৫ বিঘা মাটিৰ পৰা পৰৱৰ্ত্তী বৰ্ষত প্ৰায়  ৫৫০০ হেক্টৰ মাটিৰ বাবে প্ৰয়োজন হোৱা বীজ উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ড° ডেকাই কয় যে  কৃষকৰ দ্বাৰা এনেদৰে উৎপাদন কৰা ধানৰ বীজখিনি অসম বীজ প্ৰমানীকৰণ এজেঞ্চিৰ দ্বাৰা প্ৰমানিত (certification) কৰাৰ ব্যৱস্থা ৰখা হৈছে যাৰ দ্বাৰা কৃষক সকল প্ৰমানিত বীজ বিক্ৰীৰ যোগেদি অৰ্থনৈতিক ভাৱে উপকৃত হ’ব। অনুষ্ঠানত অংশ লৈ বৰপেটাৰ মহকুমা কৃষি বিষয়া  পৰীক্ষিৎ বায়নে সকলো খেতিয়ককে বীজ উৎপাদনৰ নীতি নিয়ম বোৰ যথাযথ ভাৱে মানি কৃষিকাৰ্য্যত ব্ৰতী হ’বলৈ আহ্বান জনায় আৰু বৰপেটা জিলা কৃষি বিভাগৰ ফালৰ পৰা প্ৰয়োজনীয় সহায়  আগবঢ়োৱাৰ আশ্বাস দিয়ে । বীজ উৎপাদনৰ কৌশল সন্দৰ্ভত কে. ভি. কে. ৰ শস্য বিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনে বিশদ ভাৱে ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানটিত কে ভি কে, বৰপেটাৰ শস্যৰোগ বিশেষজ্ঞ ড° কুলদীপ তালুকদাৰ আৰু কৃষি উন্নয়ণ বিষয়া জাকিৰ হুছেইনে সক্ৰিয় সহযোগিতা আগবঢ়ায়।

Related posts

Leave a Comment